Friday, 3 July 2020

জীৱনৰ মায়াজাল



                    ()
অব্যক্ত হতাশাত তিক্ত জীৱন পৰিক্ৰমা,
নিৰ্লজ্জ সময়ৰ ক্ৰুৰতাত ব্যৰ্থ হয় পৰিকল্পনা
হিংসাত্মক শূণ্যতাত কম্পিত মনত,
জাগ্ৰত হেজাৰ ব্যৰ্থতাৰ শ্লোগান
নিৰ্মম সত্যৰ কৃষ্ণগহ্বৰত হেৰাই জীৱনৰ গান

                    ()
বিষাক্ত ৰঙৰ মায়াজালত জীৱন বন্দী,
ভাগৰুৱা আজি 'লা ৰঙৰ ৰামধেনু খেদি !
ৰঙীণ সময়ৰ আশাত বিধস্ত সপোন,
অনাকাংক্ষিত আকাংক্ষাত বিব্ৰত জীৱন
ভগ্ন শব্দৰে উষ্ম আৱেগত জীৱনৰ চিঞৰ

                   ()
মনত তিক্ততা, বিষাদৰ ৰং ;
হতভম্ব আজি দেখি তোমাৰ বৰণ !
সভ্যতাৰ বজাৰত তোমাৰ ৰং উপলব্ধ,
কিন্তু মোৰ বিষাদৰ ৰং নহয় সহজলভ্য
'লা সময়ত হেৰাই যায় বৰ্তমান,
সত্যৰ পম খেদি পালোঁ অসত্যৰ উমান

ৰূপজ্যোতি

Picture courtesy: Pallavi Dhekial Phukan

Friday, 5 June 2020

একনায়কত্ববাদৰ গণতন্ত্ৰ


ৰঙা, ৰঙা তুমি ঘিণ কৰা ?
মোৰ প্ৰতিবাদৰ ঢৌবোৰ ৰঙা,
মোৰ তেজো ৰঙা
তোমাৰ শতিকাৰ ‌‍ৎপীড়ন,
মোৰ শতিকাজোৰা বিষাদৰ শ্লোগান;
নিমিত্ত মাথোঁ তুমি সঁজা গণতন্ত্ৰ,
বিচাৰি পাওঁ একনায়কত্ববাদৰ লগত সামঞ্জস্য
"তুমি হেনো মহান" তোমাৰ শিষ্যগণে কয়,
তেন্তে কিয় তোমাৰ মহানুভৱতাই মোক ঢুকিয়ে নাপায় ?
মোৰ প্ৰয়োজনবোৰ অতিকৈ নিমিত্ত,
জীয়াই থাকিবলৈ প্ৰয়োজন নাই মোক অতিৰঞ্জিত তথ্য
তোমাৰ ৰঙেৰে ৰঙীণ মোৰ দেশবাসী,
মোৰ তেজেৰে ৰাঙলী মোৰ দেশৰ মাটি !
তোমাৰ ৰঙৰ মাজত হেৰাই যায় মোৰ তেজৰ বৰণ,
তথাপিও নিমাত মোৰ দেশৰ সতীৰ্থ গণ
তোমাৰ গণতন্ত্ৰত আছে জানো জনগণ ?
আমাৰ মনৰ কথা শুনিবলৈ আছে জানো তোমাৰ ক্ষণ ?
গঢ়ি তুমি শব্দবিন্যাসৰ মকৰা জাল,
ছিঙিব খুজিছা আমাৰ মাজৰ একতাৰ জৰীডাল
আজি অকলশৰীয়া ক্ষুধাতুৰ আমি,
ইফালে সিফালে দৌৰিছো আমাৰ প্ৰাপ্য বিছাৰি
তোমাৰ গণতন্ত্ৰ তোমাতেই বিলীন,
একনায়কত্ববাদৰ তেজগিলি গণতন্ত্ৰ মলিন !

ৰূপজ্যোতি

Picture courtesy: Prasujya Gogoi

P.S.: This poetry is dedicated to my fellow Indians, Specially to all migrant workers in our country. Indian democracy has tested the blood of dictatorship so it is the time to wake up and take a call for some changes. We millennials are the upcoming face of our country. So it's time to do something for a change. What do you think ?

Friday, 1 May 2020

শব্দৰ প্ৰহেলিকা


 


()
সভ্যতাৰ বজাৰত নিলাম হয় জীৱন,
দেখিও আমি কণা,
শুনিও আমি কলা।
মাথো ' নোৱাৰা একোটা বোবা !

            (
)
উন্মাদ লাচিতৰ তাণ্ডৱ নৃত্য,
খহি যোৱা অসমৰ নগ্ন চৰিত্ৰ !
"জাতীয়তাবাদ"- এটা সুবিধাবাদী বৈশিষ্ট্য।

            (
)
শব্দৰ কোলাহল।
কোন বাটে যায় শব্দবোৰ?
হেৰাই যায় কবিতাৰ মাজত,
জীৱন নামৰ এটি অশ্লীল কবিতা।

            (
)
মনৰ আক্ৰোশ শব্দৰ বিলাপ,
শব্দবিন্যাস মকৰাজালত জীৱনৰ প্ৰলাপ।

            (
)
আৱাশী মনত প্ৰৱাসী চিন্তা,
দ্ৰুত বেগেৰে দৌৰে সপোনৰ ঘোঁৰা।
হাবিয়াস বাস্তৱৰ,
অসম্ভৱ নহয় সপোনৰ ঘোঁৰা।

            (
)
আনৰ মাজত নিজক বিচাৰি,
অনিচ্ছয়তাৰ মাজত খাওঁ হাবাথুৰি।
আত্মপ্ৰেমত মগ্ন জীৱন,
নিত্য নতুন ৰূপত জীৱন।

ৰূপজ্যোতি

Picture courtesy: Pallavi Dhekial Phukan



Friday, 10 April 2020

এটা অসম্পূৰ্ণ গদ্য




লিখিব খুজিও লিখিব পৰা নাই, কলমেৰে নিগৰা নাই মনৰ কথাবোৰ। বিশৃংখল হৈ পৰিছো, নিজৰ মাজতে নিজক বিচাৰিছো। সৌৱা চোৱা হতাশাবোৰে খেদি আহিছে....মই দৌৰিছো মাথো দৌৰিছো.... বন্ধ কোঠাৰ শূণ্যতাবোৰে ৰুকি ৰুকি সোমাই গৈছে মনৰ ভিতৰলৈ। শূণ্যতাবোৰে কিৰীলি পাৰি হাঁহিছে মোৰ ফালে চাই !

এতিয়া মোৰ মনৰ কথা এটা অসম্পূৰ্ণ গদ্য। যান্ত্ৰিক জীৱনে কোঙা কৰি পেলাইছে, কোনেও নুবুজা এটা জীৱনৰ গৰাকী মই, আতৰি আহিছো অনুক্ৰমে নিজৰ পৰা সকলোৰে পৰা। হত্যাৰ বিফল চেষ্টা নিজক, যদিও পৰা নাই! অসুস্থ মই, মানুহৰ মাজতো অকলশৰীয়া মই। এটা অসম্পূৰ্ণ গদ্য মই, কোনেও বুজি নোপোৱা!
ৰংবোৰ হেৰাই গৈছে মনৰ শূণ্যতাত, কলমৰ শব্দবোৰ হেৰাইছে হতাশাত।

মানুহৰ মাজতে সীমাবদ্ধ থাকিও অকলশৰীয়া, ধ্বংসৰ গৰাহত জীৱনৰ গতি। ক্ৰমান্বয়ে স্তিমিত জীৱন লক্ষ্যঃ অসহায় মই, অসহনীয় হৈ পৰিছে জীৱন। বাৰে বাৰে চিঞৰে নিসংতাবোৰে, শব্দহীন অট্টহাস্য কৰে মোৰ ফালে চাই ! দুৰ্বিসহ এই সময় আৰু এটা নষ্ট জীৱনৰ গৰাকী মই। অপেক্ষা কৰিছোঁ সহায়ৰ...এটা অসম্পূৰ্ণ গদ্য সম্পূৰ্ণ কৰিবলৈ...


ৰূপজ্যোতি

Friday, 14 February 2020

আত্মমন্থন


কেতিয়াবা কিছুমান সম্পৰ্ক তেনেকৈয়ে হৈ যায়। সেই সম্পৰ্ক বোৰ শুদ্ধ নে ভুল তাৰ বিচাৰ কৰিবলৈ দিব মন নাযায়। হয়তো সমাজৰ বাবে নিকৃষ্ট সম্পৰ্ক কিন্তু এটা পবিত্ৰ আৰু সত্য সম্পৰ্ক। মই বুজি নাপাওঁ কিয় তেনে হয় ? কিয় ভাল লাগে তেওঁক ?
হয় মই ভুল কৰা নাই কিন্তু কিয় বাৰে বাৰে আত্মগ্লানিত দগ্ধ। এটা সুখী যেন লগা জীৱনত মোৰ বিসাদবোৰ দেখা নোপোৱা মনৰ মানুহজন। সঁচাকৈয়ে মনৰ মানুহজন নে ?.....

উহহহ.....! তীব্র জোকাৰণিত যেন ফাটি যাব মোৰ মস্তিস্ক। ভুল শুদ্ধ বিচাৰ কৰি ভাগৰি পৰিছো। যদি এটা সমাজৰ চকুত ভুল বুলি কোৱা সম্পৰ্কই মোক দিব পাৰে সুখী জীৱন তেন্তে তেনে সম্পৰ্ক স্বাগতম তোমাক। হয়টো সেয়া মোৰ বাবে guilty pleasure মোৰ সদা ব্যস্ত জীৱনত তুমি শিকালা নতুনকৈ নিজক চাব, কিয়নো মাইনা হোৱাৰ পিচত পাহৰিছিলো যে 'মই' নামৰ এটা সত্বা আছে মোৰ আৰু মোৰ মানুহজনৰ মাজত। মাইনা, চাকৰি আৰু ঘৰুৱা সমস্যাৰ আদিৰ মাজত হেৰাই গৈছিল 'মই' নামৰ মানুহজনী।
সেইদিনা আবেলি যে তুমি কৈছিলা,"মই হেৰাই পেলাইছো নিজস্বতা" সঁচাই জানানে এতিয়া মই এজনী মাক, এজনী পতিব্ৰতা পত্নী, এজনী ভাল বোৱাৰী কিন্তু মোৰ নিজস্বতা ' ?, হয় দিয়া তুমি কোৱা কথাবোৰে মোৰ মুখত দি গৈছিল চিন্তাক্লান্ততাৰ আৱেশ। আবেলিৰ অস্তগামিত সূৰুজৰ ৰশ্মিয়ে উজ্জল ৰঙেৰে উদ্ভাসিত কৰিছিল আমাক, মোৰ দুটি ওঁঠত তুমি উস্ম চুম্বনৰে জগাইছিলা অবুজ শিহৰণ।

তুমি কোৱা কথাবোৰে বাৰুকৈয়ে চুই গৈছিল মোক। কেনেকৈ ইমান বুজি পোৱা তুমি মোক ? হয়তো তুমি নামৰ সত্বাৰ প্ৰেমত পৰিছো মই, কিন্তু তোমাক পোৱাৰ বাবে প্ৰেমত পৰা নাই! বিচৰা নাই তোমাৰ কেঁচা যৌৱনৰ উত্তাপ কিম্বা সহানুভূতিৰ আৱেশ। মই মাথোঁ ভালপাওঁ তোমাৰ কথাবোৰ, তোমাক ভালপোৱা বাবেই বিচাৰি পাইছো মই নিজক। বিয়াৰ পিচত হেৰাই যোৱা মোক তুমি উভতাই আনিলা। এতিয়া মই ভালপাওঁ মোক, নতুনকৈ চাব বিচাৰিছো সম্পৰ্কবোৰক। এতিয়া মোৰ পৰিয়ালত মই এটা অস্তিত্ব। কিন্তু মই এতিয়াও ভালপাওঁ তোমাক, নাজানোঁ কি নাম দিম আমাৰ সম্পৰ্কটোক! নুজোখো মই তাক সমাজৰ তুলাচনীৰে, নকওঁ আমাৰ সম্পৰ্কক অস্পৃশ্য বুলি।

এতিয়াও তুমি আৰু মই আকৌ আগৰদৰে সপোন খেদিম, মায়ানগৰীত জীৱনৰ মায়া বিচাৰিম ! আকৌ আহিবা ঢৌৱে উটুৱা সেই ঘাটলৈ, উন্মাদ সাগৰৰ পাৰত শুখী মইজনী চাবলৈ...আকৌ মোৰ জীৱনত নতুনকৈ প্ৰাণ ঢালিবলৈ...! তোমাৰ অনামিকা ৰৈ থাকিব তোমালৈ......


ৰূপজ্যোতি


বি.দ্ৰ.: প্ৰেমৰ কোনো সংজ্ঞা নাই কোনো ধৰ্ম কিম্বা ভেদাভেদ,  Love Is Love.