কেতিয়াবা কিছুমান সম্পৰ্ক তেনেকৈয়ে হৈ যায়। সেই সম্পৰ্ক বোৰ শুদ্ধ নে ভুল তাৰ বিচাৰ কৰিবলৈ দিব মন নাযায়। হয়তো সমাজৰ বাবে নিকৃষ্ট সম্পৰ্ক কিন্তু এটা পবিত্ৰ আৰু সত্য সম্পৰ্ক। মই বুজি নাপাওঁ কিয় তেনে হয় ? কিয় ভাল লাগে তেওঁক ?
হয় মই ভুল কৰা নাই কিন্তু কিয় বাৰে বাৰে আত্মগ্লানিত দগ্ধ। এটা সুখী যেন লগা জীৱনত মোৰ বিসাদবোৰ দেখা নোপোৱা মনৰ মানুহজন। সঁচাকৈয়ে মনৰ মানুহজন নে ?.....
উহহহ.....! তীব্র জোকাৰণিত যেন ফাটি যাব মোৰ মস্তিস্ক। ভুল শুদ্ধ বিচাৰ কৰি ভাগৰি পৰিছো। যদি এটা সমাজৰ চকুত ভুল বুলি কোৱা সম্পৰ্কই মোক দিব পাৰে সুখী জীৱন তেন্তে তেনে সম্পৰ্ক স্বাগতম তোমাক। হয়টো সেয়া মোৰ বাবে guilty pleasure । মোৰ সদা ব্যস্ত জীৱনত তুমি শিকালা নতুনকৈ নিজক চাব, কিয়নো মাইনা হোৱাৰ পিচত পাহৰিছিলো যে 'মই' নামৰ এটা সত্বা আছে মোৰ আৰু মোৰ মানুহজনৰ মাজত। মাইনা, চাকৰি আৰু ঘৰুৱা সমস্যাৰ আদিৰ মাজত হেৰাই গৈছিল 'মই' নামৰ মানুহজনী।
সেইদিনা আবেলি যে তুমি কৈছিলা,"মই হেৰাই পেলাইছো নিজস্বতা"। সঁচাই জানানে এতিয়া মই এজনী মাক, এজনী পতিব্ৰতা পত্নী, এজনী ভাল বোৱাৰী কিন্তু মোৰ নিজস্বতা ক'ত ?, হয় দিয়া তুমি কোৱা কথাবোৰে মোৰ মুখত দি গৈছিল চিন্তাক্লান্ততাৰ আৱেশ। আবেলিৰ অস্তগামিত সূৰুজৰ ৰশ্মিয়ে উজ্জল ৰঙেৰে উদ্ভাসিত কৰিছিল আমাক, মোৰ দুটি ওঁঠত তুমি উস্ম চুম্বনৰে জগাইছিলা অবুজ শিহৰণ।
তুমি কোৱা কথাবোৰে বাৰুকৈয়ে চুই গৈছিল মোক। কেনেকৈ ইমান বুজি পোৱা তুমি মোক ? হয়তো তুমি নামৰ সত্বাৰ প্ৰেমত পৰিছো মই, কিন্তু তোমাক পোৱাৰ বাবে প্ৰেমত পৰা নাই! বিচৰা নাই তোমাৰ কেঁচা যৌৱনৰ উত্তাপ কিম্বা সহানুভূতিৰ আৱেশ। মই মাথোঁ ভালপাওঁ তোমাৰ কথাবোৰ, তোমাক ভালপোৱা বাবেই বিচাৰি পাইছো মই নিজক। বিয়াৰ পিচত হেৰাই যোৱা মোক তুমি উভতাই আনিলা। এতিয়া মই ভালপাওঁ মোক, নতুনকৈ চাব বিচাৰিছো সম্পৰ্কবোৰক। এতিয়া মোৰ পৰিয়ালত মই এটা অস্তিত্ব। কিন্তু মই এতিয়াও ভালপাওঁ তোমাক, নাজানোঁ কি নাম দিম আমাৰ সম্পৰ্কটোক! নুজোখো মই তাক সমাজৰ তুলাচনীৰে, নকওঁ আমাৰ সম্পৰ্কক অস্পৃশ্য বুলি।

এতিয়াও তুমি আৰু মই আকৌ আগৰদৰে সপোন খেদিম, মায়ানগৰীত জীৱনৰ মায়া বিচাৰিম ! আকৌ আহিবা ঢৌৱে উটুৱা সেই ঘাটলৈ, উন্মাদ সাগৰৰ পাৰত শুখী মইজনী চাবলৈ...আকৌ মোৰ জীৱনত নতুনকৈ প্ৰাণ ঢালিবলৈ...! তোমাৰ অনামিকা ৰৈ থাকিব তোমালৈ......
ණৰূপজ্যোতি