Tuesday, 12 February 2019

প্রেম নামৰ কবিতা

পাহৰিব নোৱাৰা অতীত, তথাপিও কাৰোৰবাৰ টাইমলাইনে চুই যায় হৃদয়ৰ এটিকোণ !

বন্ধুৱে কয় কিয় নিবিচাৰা সংগিনী,
কিন্তু তেওঁতো নুবুজে মোৰ হৃদয়খনে নাই মোৰ লগত কোনোৱা নতুন সংগীক দিবলৈ !

নোপোৱাৰ দুখ নাই,
পোৱাৰ হেঁপাহ নাই,
তথাপি হিয়াৰ এটাকোণ তোমাৰ নামত !

বন্ধুৱে কয় তুমি পাগল নেকি ?
আৰে বন্ধু তুমিতো নাজানা মই কিমান পাগল প্রেমিক তেওঁৰ,
তেওঁক প্রেম কৰিবলৈ প্রয়োজন নহয় তেওঁৰ !
সমাজে কব পাৰে একপক্ষীয় প্রেম মানে ব্যৰ্থতা ,

কিন্তু সমাজেতো নাজানে মোৰ প্রেম মই ভগাব নালাগে দুজনৰ মাজত !
মই আৰু মোৰ প্রেম জীৱনৰ বাটত মোৰ লগৰী !
তথাপিও নিবিচাৰো তোমাৰ সঁহাৰি ,

কিয়নো মই জানোঁ তুমিহীনতা মানে অতি বেছি নিদ্রাহীন মোৰ ৰাতি !
কিম্বা দুচকুৰ চকুপানী বা এটা দিশহীন কবিৰ অকবিতাৰ পংক্তি !

                                   ණৰূপজ্যোতি

Tuesday, 1 January 2019

Happy New Year 2019 🎉


 Time travels faster than we think, As life goes on we learn new things. We fail, we win but we never give up.  Finally the end of a year with lots of things, some good memories and some bad too.
But it's time to say goodbye to 2018Thanks 2018 for taught me lots of things, It's a mysterious year. Thank you, God, thanks to all.

Now, cheers for 2019🎉, with the blessings of god let's start this year with some new thoughts and hopes.




Happy New Year 2019 🎉🎆🎁


May God bless you all 


 Rupjyoti Talukdar

Tuesday, 4 December 2018

বলাচিত



ৰাজপথত ন্যায় বিচাৰি জনতাৰ চিঞঁৰ,
সুদুৰৰ পৰা লাচিতৰ চাৱনি নিঠৰ !
অট্টহাস্য প্রতাপী শাসকৰ,
 নীৰৱে চকুলো বয় লাচিতৰ !


 কামিহাড় বিহীন লাচিতৰ নাতি-পুতি ,
 তাকে দেখি লাচিতৰ আত্মাৰ গিৰ্জনি ,
"হেৰা অসমীয়া ভাঙি পেলোৱা মোৰ প্রতিমূৰ্তি,
   যদি পাৰা লোৱা মোৰ আদৰ্শতি !"

আজি সেই লাচিতো নাই,

সেই অসমো নাই !

আছে মাথোঁ তুমি কিম্বা মোৰ দৰে লাচিতৰ জাৰজ নাতি !
                                                 
ৰূপজ্যোতি 

Sunday, 19 August 2018

সম্পৰ্ক


সম্পৰ্কবোৰ আগৰদৰে নাই ,
হয়তো নিজক বিচৰাৰ তাৰনা ,
কিম্বা হেৰোৱাৰ ব্যথা ৷

তুমি নামৰ সত্বাটো বিচাৰিছো বহুবাৰ....
কিন্তু পোৱা নাই সেই সম্পৰ্কত উন্মাদনা ৷
হয়তো সম্পৰ্কবোৰে আগৰদৰে নাই !
এতিয়া হাতৰ স্মাৰ্টফোনে কৰা স্মাৰ্ট মন ,
কিন্তু নাই আগৰ সেই আত্মীয়তা ৷

তোমাক পাহৰিব খোজা বহু দিন হ'ল ।
এতিয়া এৰি আহিছো পুৰণি ভগ্ন চহৰৰ ,
সেই সম্পৰ্কৰ ধ্বংসস্তূপবোৰ ৷
তোমাক পাহৰাৰ প্রয়াসেৰে,
আৰম্ভ কৰিছো নতুন জীৱনৰ ৷

এতিয়া নতুন সম্পৰ্ক কৰিছো নতুনৰ লগত,
তথাপি নাই তাহানিৰ সেই আৱেগ !
কিন্তু কিয় বাৰে বাৰে আমনি কৰে ?
সেই সম্পৰ্কৰ স্মৃতিসৌধবোৰে !

আজি নাই তাহানিৰ সেই অনুভুতি,
আছে মাথো যান্ত্রিক সম্পৰ্ক আৰু জৈৱ প্রেমানুভুতি ৷
এতিয়া এটা ফোনৰ দূৰত্বত আমি,
তথাপি যেন আমি বেলেগ গ্রহৰ প্রাণী !

হয়তো সম্পৰ্কবোৰ আগৰ দৰে নাই ,
এতিয়াৰ তুমি কিম্বা মই স্বাৰ্থলোভী !


 বি.দ্র. : পাহৰি যাওঁ কিন্তু পাহৰণিও মনত পৰে ৷ সময়ৰ লগত আমি দৌৰো, ভাগৰি নপৰালৈ দৌৰো কিন্তু সেই লৰা-ধপৰাৰ মাজত বহু সম্পৰ্ক পিছ পৰি ৰয় , আৰু যেতিয়া পিচলৈ উভতি চাও তেতিয়া দেখো সেই সম্পৰ্কটোৰ মৰাশ ৷

                                       ණৰূপজ্যোতি

Sunday, 24 June 2018

কবলগা কথাবোৰ



কব লগা বহুতে আছিল,
কিন্তু কব নোৱাৰিলো !
তুমি হয়তো নেদেখিলা মোৰ দুচকুত তুমিহীনতাৰ যন্ত্রনা !
তুমি সুখৰ বাগিচাত ,
আৰু মই ?
দুখৰ অৰণ্যত লক্ষহীন প্রেমিক !

এতিয়া তোমাৰ প্রতি মোৰ কোনো অাপত্তি নাই,
কিন্তু দুখৰ ৰাতিবোৰ কিমান দীঘল হয় ?,
সেয়া হয়তো তুমি কাহানিও নুবুজিবা ,
খালী হৃদয়ত তুমি এৰি যোৱা প্রেম নামৰ তিক্ততা !

এতিয়া সুখৰ সংজ্ঞা বিচাৰি বাৰে বাৰে হাবাথুৰি খাওঁ ,
দুখবোৰে যেন গিলি গিলি খাই পেলায় মোৰ আত্মসত্ত্বাক |
তাৰ পিচটো জীয়াই থকাৰ মিছা প্রয়াস ,
মিছা হেঁপাহ সুখীহোৱাৰ !

এতিয়া মোৰ সংজ্ঞা সমাজৰ অন্ধকাৰ গলিত,
বিচাৰি যাওঁ তুমি নামৰ সত্ত্বাটোক ,
কিজানি পাওঁ কোনোবা নাৰীৰ হৃদয়ত তুমি নামৰ সত্ত্বাটো !
ৰাতিৰ এন্ধাৰ কিমান সুন্দৰ এতিয়া অনুভৱ কৰিছো ,
মুখাৰ আৰৰ মুখবোৰ দেখিছো !

ব্যৰ্থতাৰ কবিতা লেখিব পৰা হ'লে !
তুমি কিজানি হ'লা হয় মোৰ কবিতাৰ শিৰোনামা |

ණৰূপজ্যোতি

Tuesday, 12 June 2018

স্তম্ভটোৰ কথাৰে



আজিৰ পৰা প্রায় ৭১ বছৰ আগত এটা স্তম্ভ নিৰ্মান হৈছিল, স্তম্ভটো নিৰ্মাণৰ ক্ষেত্রত চৰকাৰ আৰু বিশেষজ্ঞসকল খুব সাবধান হৈছিল | এইটো এনেকুৱা 'ছলিড' কৰিব খোজা হৈছিল যে , যিমান ডাঙৰ দুৰ্যোগ আহিলেও যাতে ইয়াৰ পতন নহয় |

দিন যোৱাৰ লগে লগে স্তম্ভটোৰ সমাদৰ সমাজত বাঢ়িব ধৰিলে | স্তম্ভটো কেন্দ্র কৰিয়ে প্রতিবাদ, ধৰ্ণা , বিতৰ্ক, মেল-মিটিং আদি হ'বলৈ ধৰিলে |

লাহে লাহে স্তম্ভটো দুৰ্বলহৈ পৰিল, যি ফালে বতাহ দিয়ে সেই ফালে হাঁওলি পৰা হ'ল | এনেদৰে ইফাল-সিফাল কৰি থাকোতে এদিন স্তম্ভটোৱে তাৰ ভাৰসাম্য হেৰুৱাই পেলালে আৰু ভাগি চূৰ্ণ-বিচূৰ্ণ হৈ পৰিল | 

স্তম্ভটোৰ ধংস হোৱা দেখি মানুহবোৰ আচৰিত হৈ পৰিল | কিছুমান মানুহে ইমান মজবুত স্তম্ভ এটা কেনেকৈ ভাগি গ'ল বুলি সামাজিক মাধ্যমত আলোচনা কৰাত ব্যস্ত হ'ল | স্তম্ভৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা সকলে ইজনে সিজনৰ গাত দোষ দিবলৈ ধৰিলে | তথাকথিত 'মিডিয়া'ই বতাহৰ গতিতে গতি সলাব ধৰিলে, 'টক শ্ব' পাটিলে, ইজনে সিজনক গালি দিলে | বহুতে আকৌ স্তম্ভ নিৰ্মানতে কেলেংকাৰী হোৱা বুলি দাবী কৰিলে !
কিন্তু কিছুমান মানুহে ভাবিলে স্তম্ভটোহে ভাঙিছে , কিনো ডাঙৰ কথা ! মোৰটো ঘৰটো ভঙা নাই ?. স্তম্ভ ভঙাত মোৰ কি আহে-যায় !

হয়টো সময়ৰ লগে লগে স্তম্ভ ভঙা কথাটো সকলোৱে পাহৰি যাব, কিন্তু ৭১ বছৰৰ পুৰণি স্তম্ভটোৰ সপোনবোৰ কি হ'ব ?.

ණৰূপজ্যোতি

বি.দ্র. : শ্রদ্ধাৰ শশী ফুকন দেবৰ এটা লেখাৰ ছাঁ লৈ .