Tuesday, 8 May 2018

কিয় মই অসমীয়া ?




তোৰ তেজৰ অৰ্থ ক'ত ?
হাবিলৈ যোৱা তোৰ পোনাটো ক'ত ?
কিয় তোৰ বুকুতে তোৰ সন্তানৰ বিলৈ ?
অহেতুক নহয় নে এইবোৰ !
তই ধৰ্ষিতা , তই লঞ্ছিতা ,
তাৰ মাজতো তোৰ বস্ত্র হৰণ কৰে তোৰেই পুত্রই !

আজিও জীপাল শ্বহীদৰ তেজৰ গোন্ধ ,

তোৰ বাবে বাৰুদলোৱা সেই সন্তানৰ তেজ |
কেঁচা তেজৰ বাৰু প্রতিদান কিনো ?
তোৰ দেহাত সেয়া কাৰ আঁচোৰ ?
কিয় আজি তোৰ পুত্রক লাগে আনৰ সহচৰ ,
ৰক্ষা কৰিবলৈ তোৰ আচল .

আজি আকৌ বন্দুৰ তুলি হত্যৰ ফাকুখেলিম ,

তোৰ ধৰ্ষণকাৰীৰ তেজেৰে তোক তুষ্ট কৰিম !
তই দুখ নকৰিবি তেজৰ বিনিময়ত তোক ন্যায় দিম....
পাষাণৰ হাতোৰা মোহাৰিম.....
আকৌ পোহৰ হব, আকৌ বসন্ত নামিব !
আমি তোৰ সন্তান , তয়েতো আমাৰ প্রাণ....
আই আমি তোৰে সন্তান....ৰাখিম তোৰ মান....
জয় আই অসম.............

ණৰূপজ্যোতি


 *প্রতিবাদ কৰো  নাগৰিত্ব আইনৰ বিৰুদ্ধে* 

Sunday, 15 April 2018

তুমিহীনতাৰ যন্ত্রণা

                       

নুশুধিবা মোক তুমিহীনৰ যন্ত্রণা কিমান ?
তপ্তচকুপানীয়ে দিব মোৰ হৃদয়ৰ খবৰ ,
নিদ্রাহীন নিশাটোক সোধা মোৰ খবৰ !
হিয়াৰ কোনত তুমি সিঁচি দিয়া প্রেম নামৰ যন্ত্রণা |
পাহৰিম বুলিও পাহৰিব নোৱাৰা এক কৰুণ ব্যাথা |

লাহে লাহে খহিপৰা মোৰ হৃদয় নামৰ এটি পঁজা ,
যিটো আছিল তোমাৰ বাবে সঁজা |
সভ্যতাৰ বজাৰত নিলাম হয় মোৰ বিশ্বাস ,
কেতিয়াবা ভুমুকি মাৰিবাহি মোৰ হৃদয়ৰ অন্ধকাৰ গলিত ,
প্রেম নামৰ এটা বেশ্যাই কৰে তাত যৌৱনৰ বেহা |

অনুগ্রহ কৰি নুশুধিবা মোক কেনে আছো মই !
চাই যোৱা উলংগ আত্মাৰ তাণ্ডৱ নৃত্য ,
জীৱনৰ ৰং হেৰাই যোৱা এটা ব্যৰ্থ কবি !
যদি পাৰা দিয়া মৃত্যুৰ আহ্বান ,
আগ্নিশিখাত জাঁহ যাব এটা প্রেমহীন আত্মা |

তুমিহীন ৰাতিবোৰ পাৰ হয়,
কিন্তু কিয় জানো মোৰ এন্ধাৰ দূৰ নহয় !
আজি ব্যৰ্থতাৰ কফিনত শুই আছো ,
য'ত তুমি মাৰিছা বিশ্বাসঘাটকতাৰ গজাঁল |
মৃত্যুৰ আহ্বান শুনিছানে তুমি ?
বুকুতলৈ আঘাট শুই আছো মই ,
অনুগ্রহ কৰি নুশুধিবা মোক কেনে আছো মই !

  ණৰূপজ্যোতি                                                                                              

Monday, 5 March 2018

শূণ্য



শূণ্যতেই জন্ম ,
শূণ্যতেই বিলীন,
কিয় ইমান অহংকাৰ ?
শূণ্য হাতেৰে এৰি যাৱ লাগিব এই সংসাৰ !


ৰাতিৰ এন্ধাৰ কিম্বা দিনৰ পোহৰ ,
শূণ্যতেই বিলীন প্রতিটো পল অনুপল !
কিয় ইমান নিয়মৰ ভয় ?
কিয় ইমান সমাজৰ ভয় ?
চকুতলৈ অগ্নিশিখা এয়া আগুৱাই যোৱাৰ সময় |


কিয় মিছাতে কৰো জাত-পাত ভিন্ন ধৰ্মৰ ?
শূণ্য যে আমি , মাথো এটি পল সময়ৰ !
প্রতিটো জীৱন শূণ্যতেই বিলিন,
প্রতিপল সময় শূণ্যৰেই অধীন |
শূণ্য হাতত সপোনৰ ভৰ ,
শূণ্য জীৱনেৰে ভবিষ্যত লিখাৰ পৰ 
|

                                        ණৰূপজ্যোতি

Friday, 9 February 2018

কাহিনী নহয় ঘটনা

হুক হুকাই কান্দিব খুজিও তাই কান্দিব পৰা নাই, তথাপিও চকুৰে নিগৰি আহিছে মনৰ কথাবোৰ | খিৰিকিৰে বতাহে তাইৰ গালত মৰমৰ চুমা দিছে , আউল লগাই দিছে তাৰ চুলিবোৰ | আনৰ চকুত নপৰাকৈ তাই কান্দিছে ,এটুপ-দুটুপকৈ সৰি পৰা চকুপানীবোৰ দুহাতে মচিছে আনে নেদেখাকৈয়ে | বেয়া দেখিব বুলি সেয়া তাই হাঁহিছে, কিন্তু সেই হাঁহিৰ মাজতো বিষাদখিনিয়ে বাবে বাবে আমনি কৰিছে | তাই বাহিৰলৈ চাই আছে , তথাপিও চকুৰে নিগৰি আহিছে চকুপানী | দুহাতেৰে চকুপানীবোৰ মচিলৈছে, আনে নেদেখাকৈয়ে !
তাইৰ শেঁতা পৰি যোৱা মুখ, চিঞঁৰি চিঞঁৰি কান্দিব খুজিও তাই কান্দিব পৰা নাই | দুখবোৰ গিলি থৈছে, কিয়নো ছোৱালী তাই, কিন্তু শেঁতা চকুযোৰে বাৰে বাৰে তাইক প্রতাৰণা কৰিছে আনৰ আগত | চকুপানীবোৰ ৰোৱা নাই, বাৰে বাৰে দুহাতেৰে চকুপানীবোৰ মচিলৈ হাঁহিৰ মিছা প্রচেষ্টা তাইৰ !

......মালিগাওঁ........নামি দিয়ক.......
ছিটিবাছৰ কণ্ডাক্তৰ চিঞঁৰ শুনি নামি ওলাই আহিলো মই কিন্তু সন্ধানী দুচকুৰ আৰত থাকি গ'ল তেওঁ |
বাহিৰৰ পৰা চাই পঠিয়ালৈ তেওঁলৈ, চকুত চকু পৰাত ৰৈ গ'লো মই | আহ....! কিমান বিষাদ তেওঁৰ দুচকুত | নোকোৱাকৈ য়ে কৈ গ'ল তেওঁ হৃদয়ৰ বহু কথা | হয়তো আপোনজনৰ পৰা পোৱা আঘাত , নাইবা হেৰোৱাৰ বিসাদ | তেওঁলৈ চাই ৰ'লো মই , কেনেকৈ ? কেনেকৈ কোনোবাই ইমান বিষাদলৈও হাঁহিৰ প্রয়াস কৰিব পাৰে ?
সেয় শেঁতা দুচকু ! মিছা হাঁহি আতৰাই এটোপ দুটোপকৈ সৰি পৰা চকুলো !

মই চাইৰলো বাছখন অন্তিম বিন্দুলৈ..... য'ত গৈআছে এজনী হৃদয়ত আঘাত পাইও মানসিকভাবে ভাঙি পৰিব নোখোজা ছোৱালী.....যাক কবলৈ মন গ'ল, অনামিকা নাকান্দিবা কিয়নো তুমি সৱল ছোৱালী....!



ණ ৰূপজ্যোতি
বি.দ্র. : এটা সঁচা ঘটনা , যাৰ সাক্ষী এই লিখক|

Thursday, 21 December 2017

Happy New Year 2018 🎉

Life Is Nothing If It Isn't Hard To Live.
Live Today Like Never Before. 

2017 gave me many experiences, knowledge, and many more. I have a great time with 2017. Time teach me more in LIFE. 

So It's time to thank 2017 and GOD for the beautiful times and memories 😊

WELCOME 2018

Thank you.


Rupjyoti Talukdar

Friday, 17 November 2017

প্রতিবাদ


জ্বলাই দিয়া সেই স্বাধীনতা,
যদি পৰাধীন হৈ থাকিব বিচাৰা।
ভাঙি পেলোৱা সেই কলম,
যদি লিখিব নোৱাৰা প্রতিবাদৰ ভাষা।
বোবা হোৱা যদি কব নোৱাৰা প্রতিবাদী কথা,
বাকস্বাধীনতা নোহোৱাতকৈ বোবা হোৱাই ভাল।
অসত্য দেখিও যদি প্রতিবাদৰ অগ্নি নজ্বলে,
তেন্তে অন্ধ হোৱা ভাল।
নালাগে তেনে স্বাধীনতা,
যদি কব নোৱাৰি মনৰ কথা !
সপোন দেখোৱা ৰজা,
সপোন দেখা প্রজা।
পৰাধীন আজি স্বাধীনতা !
দেশপ্রেম কৰি কি পালা ?
মৰি মৰি জীয়াই থকা ,
তোমাৰ মৃতদেহৰ ওপৰত যে সাজে ৰাজমহল !
হায় ৰে হায়, দেশতন্ত্র কোনফালে যায় ?
যদি পাৰা সত্য মানি লোৱা।
প্ৰতিবাদী কণ্ঠেৰে কৰি বজ্ৰনিনাদ,
কঁপাই  দিয়া ভণ্ড শাসকৰ ৰাজপ্ৰসাদ।

ৰূপজ্যোতি