Tuesday, 24 November 2015

ভগৱান

   


ভগৱান - তুমি জানো সঁচাকৈ মহান ????....

সৰুতে আয়ে কৈছিল তুমিহেনো অতি মহান |
যদি মহান তেন্তে ক'ত তোমাৰ মহানুভৱতা |
তোমাৰ নামত আজি মত্তত চলে ধৰ্মৰ বেহা !!!!....
সৰুতে শুনিছিলো হিন্দু , মুছলমান কিম্বা খ্রীষ্টান তোমাৰে সন্তান |
তেন্তে কিয় আজি তোমাৰে পুত্ৰই হিন্দুত্বৰ ক্ৰুৰ পোছাক পিন্ধি মুছলমান ভাতৃৰ 

তেজেৰে কৰিছে হাত ৰাঙলি ???....
কিয় আজি তুমি নিমাত শঁতজন দ্রোপদী ধৰ্ষিতা হোৱা দেখি ???....
এইনে তোমাৰ মহানুভৱতা ???....
বুজা-নুবুজাৰ এক জটিলতাৰ চক্রৱেহুৰ মাজত মই |
হত্যা-হিংসাৰে কলুসিত সমাজনীতি দেখিও আজি তুমি নিমাত |
তোমাৰ পুত্ৰৰ দ্বাৰা হত্যা কৰা হ'ল তোমাৰ পুত্ৰক !!!....

ভাতৃৰ দ্বাৰা ধৰ্ষিত হৈছে ভগ্নী !!!....
কিম্বা ফুটপাঠত দুৰ্ভিক্ষৰ বলিহৈ মৃুত্যুক সাৱতিছে তোমাৰে পুত্রই !!!...

কিয় , কিয় আজি এই আনিয়ম ???....
কিয় তুমি এইবোৰ দেখিও নিমাত ???.....
সভ্যতাৰ সুউচ্ছ সৃংগত মানৱ,
কিন্তু সেই মানৱ আজি দানৱ হ'ল !!!....
ভগৱানো আজি অসুৰ হ'ল |
কৃত্রিম সভ্যতাৰ চিকমিকিয়া ৰঙৰ মাজত কেনিনো হেৰায় গ'ল ,

তাহানি আয়ে কোৱা সেই মহানুভৱী ভগৱানজন ???....
আহিৱনে পুনৰ ঘুৰি সেই দিন ???....
যিদিনা তোমাৰ প্রেমৰ জ্যোতিৰে জ্যোতিস্মান হৱ এই পৃথিৱী |

হে প্রভু - আজিও কাতৰে মাতিছো তোমাক ,

লিখিৱলৈ সৃষ্টীৰ নৱ-ইতিহাস !!!...




ණ ৰূপজ্যোতি 

Saturday, 19 September 2015

কলমেৰে নিগৰিছে আজি তেজ




কলমেৰে নিগৰিছে আজি তেজ |

উস্ম ৰক্তৰ প্রবাহত প্ৰৱাত উটিগৈছে নীলা চিয়াহীৰ আখৰ বোৰ.....|

বিসাক্ত বায়ুত ভাহি আহিছে কেছা তেজৰ গোন্ধ.....!!!

কিয়.....কিয় আজি মানৱতাৰ অপমৃত্যু ???.....

জাতি , ধৰ্ম কিম্বা সন্ত্রাসৰ নামত বলি হয় কিয় নিষ্পাপ শিশু ???...

কিয় আজি মাতৃক হত্যা মোৰ মাতৃ কিম্বা ভগ্নীক ???...
কৰে পুত্ৰই ???....

কিয় আজি ধৰ্ষন কৰা হল 
মানৱ আজি কিয় দানৱ হল ???...

চিয়ৰিৱ বিচাৰিছো কিন্তু কন্ঠৰূদ্ধ আজি মোৰ.....

আমি আজি সভ্যতাৰ কোন দিশত ,

বুজিনোপোৱা এক জটিলতাৰ চক্রবেহুৰ মাজত মই......!!!

হত্যাৰ ব্যাধিৰে কলুসিত সমাজনীতি কিম্বা ৰাজনীতি দেখিও আমি আজি নিমাত...|

কিয়....কিয় এনেহল ????....

হত্যাকাৰীৰ অত্যাহাস্বৰ মাজত জন্ত্রনাত চিয়ৰিছো মই....|

কিন্তু নিঃশব্দ সমাজ.....!!!

আহঃ....কিযে জন্ত্রনা এয়া......!!!

এয়াই নেকি মানৱতা জীৱশ্রেষ্ঠ মানৱৰ ???.....

আজি সভ্যতাৰ কোনদিশে আমি..........!!!!..!!!

কৃত্রিম মানৱ হোৱাৰ দিশত নে দানৱ হোৱাৰ পথত ????......... 




ණৰূপজ্যোতি

Wednesday, 16 September 2015

অনন্যা - এটা আধালিখা কবিতা

                                  

অনন্যা দুৱাৰা, এসময়ত তোমাৰ প্রেমত পৰি বলিয়া হৈছিল নলবাৰী কলেজৰ আধা ডেকা লৰা....|
তুমি জানো বুজা প্রেম মানে কি ???...

এখন আৱেগ ভৰা হূদয় আছিল নে তোমাৰ ???...

নাজানিলো আমিবোৰে আজিও......|

সেই সময়ৰ উতনুৱা যৌৱনৰ ৰাগিত বলিয়া হৈ আমি পিছ লৈছিলো তোমাৰ....|

টিউচনত তোমাৰ পিছত , কলেজ গেলাৰিত তোমাৰ পিছত ....আৰু ক'ত যে কি আমাৰ খেলা.......

তুমি আছিলা আমাৰ মমতাজ , হয়টো আমিবোৰ নাছিলো তোমাৰ চাহজাহান |

কিন্তু তুমি যে আছিলা আমাৰদৰে ৰোমিয় বোৰৰ জুলিয়েত......!!!!

বন্ধুবোৰৰ আদ্দাৰ মজিয়াতও জমি উঠিছিল তোমাৰেই কাহিনী |

তুমি হীন কলেজখন আমাৰ বাবে হৈ পৰিছিল Facebookৰ লাইক হীন ষ্টেটাচ বোৰৰ দৰেই.....|

তোমাৰ প্রেম পাৱৰ বাৱে কিছুমান প্রেমিক বন্ধুৰ ক'ত কি যে লীলা-খেলা !!!!....

কিন্তু তুমি নিদিলা তোমাৰ হূদয়খন এজনকো.....!!!

কিনো ভেমত তুমি আতৰি গলা এইবোৰৰ পৰা....|

আৰু আমিবোৰ.......

তোমাক নপোৱাৰ বেদনাত হৈছিলো দেৱদাস...|

কেনিনো অতীত হৈ গ'ল সেই সময় বোৰ....!!!!

হেৰাই গল নলবাৰী কলেজৰ বুকুত , সেই প্রেমিক বন্ধু বোৰৰ প্রেম ......!!!!!

হেৰাই গ'ল প্রেমিক বন্ধুবোৰ আৰু হেৰাই গ'লা তুমি.....|

মাথো থাকি গ'ল কিছু কঠোৰ স্মৃতি , হয়তো কাৰোবাৰ বাৱে.......|||

আৰু..............থাকি গ'ল.......

নলবাৰী কলেজৰ ইতিহাসৰ পাতত......ব্যৰ্থ প্ৰেমৰ এটা দীঘলীয়া আধালিখা কবিতা.......

ණৰূপজ্যোতি

Thursday, 10 September 2015

ঈত্যাদি মৰম