চক্ৰাকাৰ
জটিল
জীৱনৰ
অন্ধকাৰ
খেদি,
মোৰ
হৃদয়ত
তুমি
দিয়া
পোহৰৰ
ৰেঙণি।
বাৰিষাৰ
বৰষুণে
তোমাৰ
কথাকে
কয়,
দুহাত
মেলি
দিছো
তোমালৈ
এয়া
আমাৰ
সময়।
তোমাৰ
প্ৰতিটো
শব্দত
মই
মন্ত্ৰমুগ্ধ,
তোমাৰ
নামত
মোৰ
সময়
হয়
স্তব্ধ।
তুমি
নদী
হৈ
মোৰ
হৃদয়
সাগৰত
বিলীন
হোৱা,
শালিকী
পুৱাৰ
ৰ'দহৈ
মোক
জগোৱা।
জীৱনৰ
শব্দৰে
লিখা,
তুমি
এটি
মোৰ
প্রিয়
কবিতা।
মোৰ
অশ্ৰুসিক্ত
উজাগৰী
ৰাতিত
তুমি
সঙ্গিনী,
ব্যৰ্থতাৰ
গ্লানিৰ
মাজত
তুমি
আশাৰ
ৰেঙণি।
আকৌ
সপোন
দেখিছোঁ
নতুনকৈ
;
আমাৰ সপোন, নতুন
জীৱনৰ
সপোন,
নতুন
সময়ৰ
সপোন।
খোজ
দিছো
তোমাৰ
লগত
সময়ৰ
সোঁতত,
বিচাৰি
সংজ্ঞা
আমাৰ
জীৱনৰ.....
বি.দ্র.: কবিতাটো তোমাৰ হাতত মৰমেৰে
দিলো ,আমাৰ এটা প্ৰিয় কবিতা ।
ණৰূপজ্যোতি