ব্যস্ত পথ, ব্যস্ত পথিক,
ফুটপাথৰ নগ্নতা বিচৰাৰ সময় নাই আমাৰ ,
উচ্ছ স্বৰত চিঞঁৰে প্ৰতিবাদীয়ে,
হত্যাৰ লীলা দেখুৱাই স্বাধীনতাপ্ৰেমীয়ে ।
সন্ধিয়াৰ বাতৰি চায় গালি দি কওঁ,
হায়ৰে হায় মোৰ অসম কোন দিশে যায় !
কিয়নো সাধাৰণ মানুহ যে মই ।
দুখ ব্যৰ্থতাই কোঙা কৰা আমাৰ শৰীৰ,
কিম্বা সোণালী স্বপ্নবোৰ ভাঙি গুৰি হোৱা অতীত ।
তাৰ মাজত আমি মৰি মৰি জীয়াই আছো ,
আকৌ সেই সপোনৰ তাৰণাত চিঞৰিছো ।
সোণৰ অসমৰ নিচাত ৰঙীন সময় ,
মিছা সেই ধৰ্ম,
মিছা সেই সময় ।
ৰুগ্ন জাতিৰ শৰীৰত অসুৰৰ কোঢ়াল,
ভণ্ড দেৱতা অৰ্থ শোষণৰ চিন্তাত লালকাল ।
এয়াই সপোন নেকি একবিংশ শতিকাৰ ?
সোণৰ অসম আমাৰ হ’ল মহাকাল !
তথাপি সপোন দেখো জীয়াই থকাৰ,
সপোন দেখো মাটিৰ অসম গঢ়াৰ ।
কিয়নো সাধাৰণ মানুহ মই,
যাৰ বাবে অসম্ভৱ একো নাই ।
ණৰূপজ্যোতি
Picture courtesy: Xahitya.Org