সময়বোৰ হেৰাই
গৈছে
বাঢ়ি গৈছে
জীৱনৰ লগত
দূৰত্ব,
কোনোদিনে শেষ
নোহোৱা এটা
অন্ধকাৰ ৰাতিত
আশাবোৰ হেৰাই
যায় পোহৰৰ
ক্ষণ গণি
গণি,
ৰাঙলী সুৰুজৰ
সংজ্ঞা বিচাৰি।
ধোঁৱা হৈ
উৰি যায়
বিভ্ৰান্ত মনৰ
ঠিকনা
মোৰ আধালিখা
কবিতাত হেৰাই
যায় জীৱনৰ
মাদকতা।
পোৱা নোপোৱাৰ
মাজত সপোনৰ
বিশ্লেষণ
এটা কবিতাৰ মাজত নিজকে বিচৰাৰ বৃথা অন্বেষণ!