সময় নামৰ অভিশপ্ত মূহুৰ্তত
নিপীড়িত শব্দৰ
অযুত কোলাহল
মনত।
বিশৃংখল মগজুত
তীব্ৰ
কিৰীলি
অশৰীৰ
আত্মাৰ
!
অপ্ৰাপ্তিৰ পৰা
শূন্যলৈ
এক
অসীম
যাত্ৰা
,
দুৰ্গম সীমান্তত
হেৰাই
যায়
এটা
অমৰ
আত্মা।
পোৱা-নোপোৱাৰ
দোমোজাত
ৰূদ্ধ
দুৱাৰ,
পায় হেৰোৱাৰ
বেদনাত
মগজুত
শূন্যতাৰ
হাহাকাৰ
!
ভঙা কলম,
উঁকা
কাগজ.....
তথাপিও ৰক্তলিপিৰে
কবিতা
ৰূপত
অন্তিমপাঠ।
শূন্যতাৰ পৰা
শূন্যলৈ,
ক'লাৰ
পৰা
এন্ধাৰলৈ
এক
যাত্ৰা।
বিনষ্ট বিকৃত
এজন
যাত্ৰীৰ
মূমুৰ্ষু
যাত্ৰা।
নিঃসংগতাৰ অতল
গহ্বৰত
হেৰাই
যোৱাৰ
অযুত প্ৰচেষ্টা
!
নিশব্দে অসীমত
হেৰাই
যায়
এটা
আধালেখা
কবিতা।
মৃত আত্মাৰ
আবৃত্তি
জীৱন
নাম
সেই
অন্তিম
কবিতা
!
সেয়া চোৱা.....দূৰত
কবিৰ
শেঁতা
হাঁহি.....
জীৱনলৈ তেওঁৰ অন্তিম শ্ৰদ্ধাঞ্জলি.....
Picture courtesy: petapixel.com
Check out the comment section for translation ⏬