ৰঙা, ৰঙা
তুমি
ঘিণ
কৰা
?
মোৰ
প্ৰতিবাদৰ
ঢৌবোৰ
ৰঙা,
মোৰ
তেজো
ৰঙা।
তোমাৰ
শতিকাৰ
উৎপীড়ন,
মোৰ
শতিকাজোৰা
বিষাদৰ
শ্লোগান;
নিমিত্ত
মাথোঁ
তুমি
সঁজা
গণতন্ত্ৰ,
বিচাৰি
পাওঁ
একনায়কত্ববাদৰ
লগত
সামঞ্জস্য।
"তুমি
হেনো
মহান"
তোমাৰ
শিষ্যগণে
কয়,
তেন্তে
কিয়
তোমাৰ
মহানুভৱতাই
মোক
ঢুকিয়ে
নাপায়
?
মোৰ
প্ৰয়োজনবোৰ
অতিকৈ
নিমিত্ত,
জীয়াই
থাকিবলৈ
প্ৰয়োজন
নাই
মোক
অতিৰঞ্জিত
তথ্য।
তোমাৰ
ৰঙেৰে
ৰঙীণ
মোৰ
দেশবাসী,
মোৰ
তেজেৰে
ৰাঙলী
মোৰ
দেশৰ
মাটি
!
তোমাৰ
ৰঙৰ
মাজত
হেৰাই
যায়
মোৰ
তেজৰ
বৰণ,
তথাপিও
নিমাত
মোৰ
দেশৰ
সতীৰ্থ
গণ।
তোমাৰ
গণতন্ত্ৰত
আছে
জানো
জনগণ
?
আমাৰ
মনৰ
কথা
শুনিবলৈ
আছে
জানো
তোমাৰ
ক্ষণ
?
গঢ়ি
তুমি
শব্দবিন্যাসৰ
মকৰা
জাল,
ছিঙিব
খুজিছা
আমাৰ
মাজৰ
একতাৰ
জৰীডাল।
আজি
অকলশৰীয়া
ক্ষুধাতুৰ
আমি,
ইফালে
সিফালে
দৌৰিছো
আমাৰ
প্ৰাপ্য
বিছাৰি।
তোমাৰ
গণতন্ত্ৰ
তোমাতেই
বিলীন,
একনায়কত্ববাদৰ
তেজগিলি
গণতন্ত্ৰ
মলিন
!
ණৰূপজ্যোতি
Picture courtesy: Prasujya Gogoi
P.S.: This poetry is dedicated to my fellow Indians, Specially to all migrant workers in our country. Indian democracy has tested the blood of dictatorship so it is the time to wake up and take a call for some changes. We millennials are the upcoming face of our country. So it's time to do something for a change. What do you think ?
Lovey poetry and shame to hypocrite indian govt
ReplyDeleteThank you
DeleteLovely Painting
DeleteThank you so much
Delete