Friday, 27 September 2019

ৰাতিৰ কেনভাচ




সুপ্ত ৰাতিৰ গুপ্ত সময়,
শূন্যত ভাহি অহা এটা চিঞঁৰ !
যাযাবৰী মনে বাৰে বাৰে আমনি কৰে,
কাৰ চিঞঁৰ ?
যেন এক চেপা আৰ্তনাদ বহুদিনৰ !
উষ্ণ শৰীৰৰ মাজত হিম চেঁচা মাতৰ বিলাপ,
যৌনতাৰ আবুৰত হেৰাই যায় মনৰ আলাপ।
কি সঁচা ? কি মিছা ?
বুজিবলৈ নাই যে কাৰো একাগ্ৰতা
তীব্ৰ চিঞঁৰ হেৰাই যায় কালৰাতিৰ গৰাহত,
ভদ্ৰ মুখবোৰ অভদ্ৰ হয় ৰাতিৰ এন্ধাৰত
কুটিল সময়ে গিলি থয় চিঞঁৰবোৰ,
জাগ্ৰত মনৰ এন্ধাৰ কোণত হেৰাই বিষাদবোৰ !

ৰূপজ্যোতি

Picture courtesy: kelarujart.wordpress.com

5 comments:

  1. Lovely poem with intense thought. Keep it up

    ReplyDelete
  2. Good way to express your feelings

    ReplyDelete
  3. বঢ়িয়া������

    ReplyDelete
  4. সুন্দৰ, কিন্তু চিঞৰ, ঞৰ ওপৰত চন্দ্ৰবিন্দু নবহে। যিকোনো অনুনাসিক বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু প্ৰয়োগ নহয়।

    ReplyDelete

Thank you for your love and support.