Friday, 27 September 2019

ৰাতিৰ কেনভাচ




সুপ্ত ৰাতিৰ গুপ্ত সময়,
শূন্যত ভাহি অহা এটা চিঞঁৰ !
যাযাবৰী মনে বাৰে বাৰে আমনি কৰে,
কাৰ চিঞঁৰ ?
যেন এক চেপা আৰ্তনাদ বহুদিনৰ !
উষ্ণ শৰীৰৰ মাজত হিম চেঁচা মাতৰ বিলাপ,
যৌনতাৰ আবুৰত হেৰাই যায় মনৰ আলাপ।
কি সঁচা ? কি মিছা ?
বুজিবলৈ নাই যে কাৰো একাগ্ৰতা
তীব্ৰ চিঞঁৰ হেৰাই যায় কালৰাতিৰ গৰাহত,
ভদ্ৰ মুখবোৰ অভদ্ৰ হয় ৰাতিৰ এন্ধাৰত
কুটিল সময়ে গিলি থয় চিঞঁৰবোৰ,
জাগ্ৰত মনৰ এন্ধাৰ কোণত হেৰাই বিষাদবোৰ !

ৰূপজ্যোতি

Picture courtesy: kelarujart.wordpress.com

Friday, 6 September 2019

তুমি আৰু মই



ভাললগা সময়বোৰ,
তেনেকৈয়ে পাৰহৈ যায় আমাৰ ভাল লগা সময়বোৰ,

তুমি কোৱা মই শুনো,
তোমাৰ মৰমৰ আব্দাৰবোৰৰ মাজত মই বিলীন হৈ পৰো
এতিয়া মোৰ প্ৰতিটো উজাগৰি নিশা তোমাৰ নামত
জীৱন প্ৰতিটো দিনেই তোমাৰ ল‌গত।

তুমি, তুমি মোৰ সুখৰ সংজ্ঞা,
মোৰ ৰু‌ক্ষ হৃদয়ৰ অশ্ৰূ কণিকা !
তুমি মোৰ ভাল লগা সময়,
যাৰ বাবে আজি সজীৱ মই !
তুমি আছিলা বহুদিনৰ অচিন চিনাকি,
সোমালাহি মোৰ বুকুৰ মাজত মৰমেৰে আহি

তুমি মোৰ সপোন কুঁৱৰী !
আমাৰ প্ৰেম মন্দিৰৰ তু্‍‍‍মি দেৱদাসী
কাজলসনা দুচকুৰে কিনো কোৱা ?
হয়তো দিয়া আমাৰে প্ৰেমৰ বতৰা ।
মোৰ ভাললগা সময়ৰ ৰামধেনু তুমি,
সাতৰঙী ৰামধেনু আমাৰ প্ৰেমৰ সৃষ্টি।

বি.দ্র. : তোমাৰ হাতত  মৰমেৰে এই কবিতাটো দিলো ।

ৰূপজ্যোতি


Picture courtesy: kelarujart.wordpress.com