সেইদিনা বৰষুণ দিয়া নাছিল,
হয় সেইদিনা বৰষুণ দিয়া নাছিল....
কিন্তু তোমাৰ কাজলী দুচকুৰে ,
বৈ আছিল ধাৰাসাৰ অশ্রূৰ বৰষুণ .
তুমিটো নাছিলা কোনোদিনে ইমান উদাসী ।
পখিলা ৰঙী তুমি চানেকী,
হয়টো মোৰ হৃদয়ৰ সপোন কুঁৱৰী ।
নোৱাৰো দেখিব তোমাক উদাসী !
মোৰ হৃদয়ৰ এচুকত তুমি নামৰ এটি জুগমীয়া সৃষ্টি ।
হয়টো হৱপাৰা তুমি মোৰ বাবে এক সুখৰ পৰিধি,
জীৱনৰ দুখবোৰ হৰিলা এটা হাহিৰ মাজেদি ।
সেয়ে নোৱাৰো দেখিব তোমাৰ দুচকুত চকুপানী ।
যদি সুখৰ সংজ্ঞা হ'লহেঁতেন,
তেন্তে তুমি সেই সংজ্ঞাৰ বাণী ।
কিয়নো হাঁহিৰ মুখাপিন্ধা ?
দুখবোৰ কিয়নো সাঁমৰি থোৱা ?
কিয় নিৰলে বহি চকুলোটোকা ?
মই কি বিচাৰো জানা ?
তুমি নামৰ সত্বাতো এটি সুখৰ সংজ্ঞা হোৱা !
ৰঙীন পখিলী তুমি ।
কিয় আছা আজি দুখৰ পোছাক পিন্ধি ?
আকৌ মেলিদিয়া দুপাখি সুখৰ সংজ্ঞা বিচাৰি ।
ණৰূপজ্যোতি
Lovely Poetry
ReplyDelete