হুক হুকাই কান্দিব খুজিও তাই কান্দিব পৰা নাই, তথাপিও চকুৰে নিগৰি আহিছে মনৰ কথাবোৰ | খিৰিকিৰে বতাহে তাইৰ গালত মৰমৰ চুমা দিছে , আউল লগাই দিছে তাৰ চুলিবোৰ | আনৰ চকুত নপৰাকৈ তাই কান্দিছে ,এটুপ-দুটুপকৈ সৰি পৰা চকুপানীবোৰ দুহাতে মচিছে আনে নেদেখাকৈয়ে | বেয়া দেখিব বুলি সেয়া তাই হাঁহিছে, কিন্তু সেই হাঁহিৰ মাজতো বিষাদখিনিয়ে বাবে বাবে আমনি কৰিছে | তাই বাহিৰলৈ চাই আছে , তথাপিও চকুৰে নিগৰি আহিছে চকুপানী | দুহাতেৰে চকুপানীবোৰ মচিলৈছে, আনে নেদেখাকৈয়ে !
তাইৰ শেঁতা পৰি যোৱা মুখ, চিঞঁৰি চিঞঁৰি কান্দিব খুজিও তাই কান্দিব পৰা নাই | দুখবোৰ গিলি থৈছে, কিয়নো ছোৱালী তাই, কিন্তু শেঁতা চকুযোৰে বাৰে বাৰে তাইক প্রতাৰণা কৰিছে আনৰ আগত | চকুপানীবোৰ ৰোৱা নাই, বাৰে বাৰে দুহাতেৰে চকুপানীবোৰ মচিলৈ হাঁহিৰ মিছা প্রচেষ্টা তাইৰ !
......মালিগাওঁ........নামি দিয়ক.......
ছিটিবাছৰ কণ্ডাক্তৰ চিঞঁৰ শুনি নামি ওলাই আহিলো মই কিন্তু সন্ধানী দুচকুৰ আৰত থাকি গ'ল তেওঁ |
বাহিৰৰ পৰা চাই পঠিয়ালৈ তেওঁলৈ, চকুত চকু পৰাত ৰৈ গ'লো মই | আহ....! কিমান বিষাদ তেওঁৰ দুচকুত | নোকোৱাকৈ য়ে কৈ গ'ল তেওঁ হৃদয়ৰ বহু কথা | হয়তো আপোনজনৰ পৰা পোৱা আঘাত , নাইবা হেৰোৱাৰ বিসাদ | তেওঁলৈ চাই ৰ'লো মই , কেনেকৈ ? কেনেকৈ কোনোবাই ইমান বিষাদলৈও হাঁহিৰ প্রয়াস কৰিব পাৰে ?
সেয় শেঁতা দুচকু ! মিছা হাঁহি আতৰাই এটোপ দুটোপকৈ সৰি পৰা চকুলো !

মই চাইৰলো বাছখন অন্তিম বিন্দুলৈ..... য'ত গৈআছে এজনী হৃদয়ত আঘাত পাইও মানসিকভাবে ভাঙি পৰিব নোখোজা ছোৱালী.....যাক কবলৈ মন গ'ল, অনামিকা নাকান্দিবা কিয়নো তুমি সৱল ছোৱালী....!
ණ ৰূপজ্যোতি
বি.দ্র. : এটা সঁচা ঘটনা , যাৰ সাক্ষী এই লিখক|
No comments:
Post a Comment
Thank you for your love and support.