Friday, 9 June 2017

হত্যাকাৰী


সময় কেতিয়াবা বৰ কঠোৰ হৈ পৰে,
হতাশাৰ ছায়াবোৰ জীৱনটো আৱৰি ধৰে,
পাহৰিম বুলি ভাবিও পাহৰিব নোৱাৰা দুখবোৰে কিয় ইমান কষ্ট দিয়ে ?
তুমিহীনতাৰ যন্ত্রণাত মনটোৱে উচুপি উচুপি কান্দে |

কিয় ,
কিয় ইমান দুখ, যাৰ বাবে হাঁহিব খুজিও হাঁহিব নোৱাৰি !
কিয় কিছুমান কথাৰ বাবে কাৰোবাৰ হৃদয়ৰ হত্যাকাৰী হওঁ মই ?
বুজা-নুবুজাৰ সাঁথৰৰ মাজত মৰি মৰি জীয়াই আছো !
শূন্যতাৰ মাজত ওপঙি উঠি, চিঞঁৰি চিঞঁৰি কান্দিছো !
এখন হৃদয়ৰ হত্যাকাৰী মই !

দিয়া যদি দিব পাৰা মৃত্যুৰ আহ্বান ,
মৰণ কাতৰ চিঞঁৰত ফালিচিৰি দুখন হোৱা হৃদয় !
কেচা তেজৰ চেকুৰা দুহাতত ,
তাৰ মাজত এটা পাপী আত্মা মই !
দুখবোৰ শিলহৈ হেচা মাৰি ধৰিছে বুকুখনত,
দুহাত জঠৰ , শব্দবোৰ যেন এক সাঁথৰ!
বুজি নাপাও কূটিল সময়ৰ চক্ৰাকাৰ গতি,
মৰীচিকাৰ পিচত দৌৰি দৌৰি হতাশ আজি ,
ভাগৰি পৰিছো আৰু মৰীচিকা খেদি খেদি |

উহহহহহ...........কিমান বিষাদ !
যাৰ বাবে নিমিশতে ধংস হয় এটা জীৱন,
আজি দুখী হৃদয়ৰ গৰাকী মই ,
শূন্যতাৰ মাজত বিলীন জীৱন ,
এখন হৃদয়ৰ সমাধিত কৰিছো উষ্ণ ৰক্তৰ আবাহন |

যদি মঞ্জুৰ কৰিব পৰা ক্ষমা আবেদন ,
তেন্তে অলপ শান্তি পাম মই ,
শুব পাৰিম শান্তিৰ সমাধিত !
তপ্ত চকুপানীবোৰে ধুই নিব দুখবোৰ,
মৰিশালিৰ মাজত সুখী হোৱাৰ সংজ্ঞা বিচাৰিম ,
এখন হৃদয় হত্যাকৰা পাপৰ প্রায়চিত্ত কৰিম !!....

ණৰূপজ্যোতি