Wednesday, 16 September 2015

অনন্যা - এটা আধালিখা কবিতা

                                  

অনন্যা দুৱাৰা, এসময়ত তোমাৰ প্রেমত পৰি বলিয়া হৈছিল নলবাৰী কলেজৰ আধা ডেকা লৰা....|
তুমি জানো বুজা প্রেম মানে কি ???...

এখন আৱেগ ভৰা হূদয় আছিল নে তোমাৰ ???...

নাজানিলো আমিবোৰে আজিও......|

সেই সময়ৰ উতনুৱা যৌৱনৰ ৰাগিত বলিয়া হৈ আমি পিছ লৈছিলো তোমাৰ....|

টিউচনত তোমাৰ পিছত , কলেজ গেলাৰিত তোমাৰ পিছত ....আৰু ক'ত যে কি আমাৰ খেলা.......

তুমি আছিলা আমাৰ মমতাজ , হয়টো আমিবোৰ নাছিলো তোমাৰ চাহজাহান |

কিন্তু তুমি যে আছিলা আমাৰদৰে ৰোমিয় বোৰৰ জুলিয়েত......!!!!

বন্ধুবোৰৰ আদ্দাৰ মজিয়াতও জমি উঠিছিল তোমাৰেই কাহিনী |

তুমি হীন কলেজখন আমাৰ বাবে হৈ পৰিছিল Facebookৰ লাইক হীন ষ্টেটাচ বোৰৰ দৰেই.....|

তোমাৰ প্রেম পাৱৰ বাৱে কিছুমান প্রেমিক বন্ধুৰ ক'ত কি যে লীলা-খেলা !!!!....

কিন্তু তুমি নিদিলা তোমাৰ হূদয়খন এজনকো.....!!!

কিনো ভেমত তুমি আতৰি গলা এইবোৰৰ পৰা....|

আৰু আমিবোৰ.......

তোমাক নপোৱাৰ বেদনাত হৈছিলো দেৱদাস...|

কেনিনো অতীত হৈ গ'ল সেই সময় বোৰ....!!!!

হেৰাই গল নলবাৰী কলেজৰ বুকুত , সেই প্রেমিক বন্ধু বোৰৰ প্রেম ......!!!!!

হেৰাই গ'ল প্রেমিক বন্ধুবোৰ আৰু হেৰাই গ'লা তুমি.....|

মাথো থাকি গ'ল কিছু কঠোৰ স্মৃতি , হয়তো কাৰোবাৰ বাৱে.......|||

আৰু..............থাকি গ'ল.......

নলবাৰী কলেজৰ ইতিহাসৰ পাতত......ব্যৰ্থ প্ৰেমৰ এটা দীঘলীয়া আধালিখা কবিতা.......

ණৰূপজ্যোতি

No comments:

Post a Comment

Thank you for your love and support.